Search This Blog

Friday, October 26, 2018

  • জীৱন গঢ়াৰ কৌশল 

 সংগৃহীত
সাম্প্ৰতিক সময়ত একাংশ ছাত্ৰ ছাত্ৰীক লৈ অভিভাৱকসকলৰ মুখত সততে এনেধৰণৰ কিছুমান কথা শুনিবলৈ পোৱা যায়- ল’ৰাটোৱে বা ছোৱালীজনীয়ে পঢ়া-শুনা কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে, টিভি-ম’বাইলৰ প্ৰতি বেছি আসক্তি, পঢ়া-শুনাত মনোযোগ নাই আদি। অৱশ্যে নিশ্চিতভাৱে ইয়াৰ বাস্তৱ সত্যতা আছে। কিন্তু এইখিনিতে আমি যিটো অতি গুৰুত্বপূৰ্ণ কথা ফঁহিয়াই চোৱাটো প্ৰয়োজন আছে, সেইটো হৈছে পঢ়া-শুনাক লৈ একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজত কিয় ইমান অনীহা উদেখিবলৈ পোৱা যায় বা কাৰ্যত কিয় তেওঁলোকে মনোযোগ দিব নোৱাৰে। প্ৰকৃততে ইয়াৰ অন্তৰালত বহু কথাই নিহিত হৈ আছে। কিন্তু সীমিত পৰিসৰৰ ৭মাজত সকলোখিনি সামৰি লোৱাটো সম্ভৱ নহ’ব যদিও এই সমস্যাবোৰৰ কাৰণ আৰু ইয়াৰ সমাধানৰ বিষয়ে চমুকৈ এই প্ৰবন্ধটোত কিছু কথা উল্লেখ কৰিব বিচাৰিছো।
আমি যদি মানুহৰ প্ৰকৃতি চাবলৈ যাওঁ তেতিয়া দেখিম যে মানুহে যন্ত্ৰণা এৰাই চলি আনন্দ লাভৰ পিচত দৌৰে। গতিকে যিটো কামৰ যোগেদি মানুহে আনন্দ পোৱাৰ বিপৰীতে যন্ত্ৰণা লাভ কৰা যেন অনুভৱ কৰে, সেই কামটো মানুহে কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে।। ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো এইটোৱেই প্ৰযোজ্য। একাংশ ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কামটো এক যন্ত্ৰণাদায়ক অভিজ্ঞতা হিচাপে গণ্য কৰে। তেওঁলোকে তাত আনন্দ বিচাৰি নাপায়। তাৰ বিপৰীতে ম’বাইল হওক, টিভি হওক বা তেনেকুৱা আন যিকোনো বস্তুৰ মাজত পৰম আনন্দ অনুভৱ কৰে বাবে তেনে বস্তুবোৰৰ প্ৰতি তেওঁলোক বেছিকৈ আসক্ত।
এইখিনিতে ছাত্ৰ-ছাত্ৰী সকলক মই পোনপটীয়াকৈ ক’বলৈ বিচাৰিছো যে তোমালোকে যদি কেৱল আনন্দ পোৱা কামবোৰকে কৰি থাকে থাকি দুখ, যন্ত্ৰণা অনুভৱ কৰা কামবোৰ পেলাই থ’বলৈ আৰম্ভ কৰা, এইধৰণৰ জানো তোমালোকে তোমালোকৰ সপোনবোৰ পূৰণ কৰিব পাৰিবা! নিশ্চয় নোৱাৰিবা। প্ৰকৃততে জীৱনত সেইসকল ব্যক্তিয়েহে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে যিয়ে কষ্ট আৰু আনন্দ কিদৰে পৰিচালনা কৰিব লাগে সেই বিষয়ে জানিছে। এইখিনিতে কষ্ট আৰু আনন্দ কিদৰে পৰিচালনা কৰিব পাৰি তাৰ এটা উপায়, মই তোমালোকক দিবলৈ বিচাৰিছো। যেতিয়াই তোমালোকৰ আনন্দ লাভ কৰা কাম কিছুমান কৰি থাকিবলৈ মন যায় সেই সময়ত তোমালোকে এই কথাটো চিন্তা কৰিবলৈ আৰম্ভ কৰিবা যে তেনে আনন্দদায়ক কামবোৰ ভৱিষ্যতত কিদৰে তোমালোকে বৰ্তমান সময়ত কষ্ট পোৱা যেন অনুভৱ হৈছে সেই কামবোৰ কৰিলে ভৱিষ্যতে ই তোমালোকক কিদৰে আনন্দ প্ৰদান কৰিব পাৰো। মই তোমালোকক ক’ম যে তোমালোকে এইখিনি কথা কাগজ এখনত লিখা ম’বাইল ব্যৱহাৰ কৰি বা অত্যাধিক টিভি চাই যদি তোমালোকে এতিয়া আনন্দ পাইছা, তেনেহ’লে ভৱিষ্যতে পাব পৰা যন্ত্ৰণাবোৰ কি কি হ’ব পাৰে। ঠিক সেইদৰে পঢ়া শুনা কৰি যদি এতিয়া তোমালোকে কষ্ট পাইছা ভৱিষ্যতে ই তোমালোকক কিধৰণে আনন্দ প্ৰদান কৰিব পাৰে। এইদৰে লিখি লোৱা কাগজখন তোমালোকে দিনত এবাৰকৈ চোৱা। যন্ত্ৰণা আৰু আনন্দ পৰিচালনাৰ এই কৌশলটো তোমালোকে যিকোনো কামৰ ক্ষেত্ৰতে প্ৰয়োগ কৰিব পাৰা।
দ্বিতীয় কথাটো মই কৰ্ম যে তোমালোকৰ যদি পঢ়িবলৈ মন নাযায়। তেনেহ’লে ইয়াৰ এক অন্যতম কাৰণ হ’ল যে হয়তো কিয় পঢ়িব লাগে তোমালোকে তাৰ কাৰণ বিচাৰি পোৱা নাই। যিকোনো এটা কাম কৰিবলৈ প্ৰয়োজন হোৱা অনুপ্ৰেৰণা মানুহে তেতিয়াহে লাভ কৰে। যেতিয়া সেই কামটো কৰাৰ কাৰণ মানুহৰ মনত স্পষ্ট হয়। তোমালোকে যদি এতিয়াও কাৰণ বিচাৰি পোৱা নাই, তেনেহ’লে কাগজ-কলম লোৱা আৰু তোমালোকে কিয় পঢ়িব লাগে তাৰ অন্ততঃ পাঁচটা কাৰণ উলিয়াই লোৱা। সেই কাগজ খন পঢ়া টেবুলত সন্মুখত আৰি লৈ প্ৰতিদিনে সেই কাৰণকেইটা চোৱা আৰু ইয়াৰ লগত আৱেগিকভাৱে একাত্ম হ’বলৈ যত্ন কৰা। এনে কৰিলে তোমালোকক কোনোৱে আৰু পঢ়াৰ কথা ক’বলগীয়া নহয়।

No comments:

Post a Comment

আনন্দৰাম বৰুৱা

অতি চমু প্রশ্ন (VSA) – মূল্যাংকঃ ১ (ক) উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল? উত্তৰঃ...