Search This Blog

Thursday, April 25, 2024

আনন্দৰাম বৰুৱা


অতি চমু প্রশ্ন (VSA) – মূল্যাংকঃ ১

(ক) উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল?


উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি উত্তৰ গুৱাহাটীৰ কমলদেৱ হাইস্কুলত শিক্ষকতা কৰিবলৈ লৈছিল ।  


 


(খ) উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন কি?


উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুৱে সম্পাদন কৰা বৃহৎ কলেৱৰৰ গ্রন্থখন হ’ল- ‘কথা-গুৰু চৰিত’ ।


 


(গ) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোনগৰাকী পণ্ডিতে বিস্ময় মানিছিল ?


অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকলপ দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।


উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি মেক্স মূলাৰে বিস্ময় মানিছিল ।


 


(ঘ) ‘আনন্দৰাম বৰুৱা’ শীর্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু কি?


উত্তৰঃ ‘আনন্দৰাম বৰুৱা’ শীর্ষক পাঠটোৰ লেখকৰ মতে মানুহৰ সাৰ বস্তু হ’ল- জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয় ।


 


(ঙ) আনন্দৰামে ‘কামরূপৰ ভাওনা’ৰ কথা ক’ত উল্লেখ কৰিছে ?


অথবাঃ আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?


উত্তৰঃ আনন্দৰামে ‘কামরূপৰ ভাওনা’ৰ কথা মহাবীৰ চৰিত গ্ৰন্থত উল্লেখ কৰিছে ।  


 


(চ) আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম কি?


উত্তৰঃ আনন্দৰামে ল’ৰাকালতে কন্ঠস্থ কৰা গ্রন্থখনৰ নাম হ’ল- অমৰকোষ ।


 


(ছ)আনন্দৰাম বৰুৱাই জন্মগ্রহণ কৰা গাওঁখনৰ নাম কি?


উত্তৰঃ আনন্দৰাম বৰুৱাই জন্মগ্রহণ কৰা গাওঁখনৰ নাম হ’ল- উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ ৷


 


(জ) অর্থ লিখাঃ


উপৰিস্থসকল, প্রকৃষ্ট, অনিয়া-অনি


উত্তৰঃ শব্দ- অর্থ


উপৰিস্থসকল- জ্যেষ্ঠসকল


প্রকৃষ্ট- উত্তম, শ্রেষ্ঠ


অনিয়া-অনি- পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা


ক্ষণজন্মা- অতি শুভ সময়ত জন্ম হোৱা, ভাগ্যবান


 


(ঝ)কিহৰ বাবে আনন্দৰাম বৰুৱা পূজনীয় হৈ থাকিব?


উত্তৰঃ মূল্যবান সংস্কৃতৰ গ্রন্থসমূহৰ বাবে আনন্দৰাম বৰুৱা সদায় পূজনীয় হৈ থাকিব ৷


 


(ঞ) ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক’লৈ গৈছিল ?


উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা সূদূৰ ইউৰেপলৈ গৈছিল।


 


(ট) আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল?


উত্তৰঃ আনন্দৰাম বৰুৱাই কলিকতাৰ প্রেছিডেন্সী কলেজৰ পৰা ১৮৬৯ চনত আইনৰ স্নাতক ডিগ্রী লাভ কৰিছিল ৷


 


(ঠ) আন অসমীয়াৰ দৰে আনন্দৰামে কি খাই ডাঙৰ দীঘল হৈছিল?


উত্তৰঃ আন অসমীয়াৰ দৰে আনন্দৰামে খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ দীঘল হৈছিল ৷


 


(ড) আনন্দৰামে কামরূপৰ ভাওনাৰ কথা ক’ত উল্লেখ কৰিছে ?


অথবাঃ আনন্দৰাম বৰুৱাই কোনখন গ্রন্থত কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?


উত্তৰঃ আনন্দৰামে ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামরূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ।  


 


(ঢ) কিহৰ গুণত আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধৰণ কর্মী হ’ব পাৰিছিল?


উত্তৰঃ আনন্দৰাম সদায় একাগ্র আছিল ৷ একাগ্রতাৰ গুণতে আনন্দৰামে অসাধাৰণ জ্ঞানী আৰু অসাধৰণ কর্মী হ’ব পাৰিছিল ৷  


 


(ণ) ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে কিয় ভয় কৰিছিল?


উত্তৰঃ পথ দুৰ্গম হোৱা বাবে ঊনৈশ শতিকাত অসমৰ পৰা বংগদেশলৈ যাবলৈ মানুহে ভয় কৰিছিল ৷


 


(ত) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল?


উত্তৰঃ আনন্দৰাম বৰুৱাৰ জন্ম ১৮৫০ চনৰ ২১ মে’ তাৰিখে উওৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিল ।


 


(থ) আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল?


উত্তৰঃআনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কৰ্ম আছিল । তেওঁৰ মতে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বরূপ । 


 


(দ) ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল?


উত্তৰঃ ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল।


 


(ধ) আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰনে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল?


উত্তৰঃ ‘প্ৰাগজ্যোতিষপুৰ সম্ভম্’ বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল।


 


(ন) আনন্দৰাম বৰুৱাই কিয় চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল?


উত্তৰঃ আনন্দৰাম বৰুৱা কৰ্মত এনে একনিষ্ঠভাবে লিপ্ত আছিল, জ্ঞান চৰ্চাৰ অনুৰাগ তেওঁৰ ইমান প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল।


 


(প) আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি কোন পণ্ডিত বিস্ময় মানিছিল?


অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা ।   


উত্তৰঃআনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিখ্যাত পণ্ডিত মেক্সমূলাৰে বিস্ময় মানিছিল ।


অথবাঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম-মেক্সমূলাৰ ।   


 


 


(ফ) ‘কথা গুৰু চৰিত’ কোনে সম্পাদনা কৰিছিল?


উত্তৰঃউপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ‘কথা গুৰু চৰিত’ সম্পাদনা কৰিছিল ।


 


(ব) ভাৰতীয় প্ৰসাশনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া কোন?


Ans :- ভাৰতীয় প্ৰসাশনিক সেৱাত নিযুক্ত প্ৰথমজন অসমীয়া হ’ল- আনন্দৰাম বৰুৱা ।


 


(ভ) আনন্দৰাম বৰুৱাই কিহৰ চৰ্চা কৰিছিল?


উত্তৰঃ আনন্দৰাম বৰুৱাই সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰিছিল ।


 


(ম) মানুহৰ সাৰ বস্তু কি?


উত্তৰঃ মানুহৰ সাৰ বস্তু হৈছে- জ্ঞান ।


 


(য) আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰনি সাহত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱেৰ গ্ৰন্থ দুখনৰ নাম ক?


উত্তৰঃ আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহত্য গ্ৰন্থ সম্পাদনা কৰা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱেৰ গ্ৰন্থ দুখনৰ নাম হ’ল- ভক্তি বিবেক আৰু কথা সাহিত্য ।


 


(ৰ) উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি কোন চনত, কোন স্থানত অনুস্থিত হৈছিল?


উত্তৰঃ উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সভপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি সপ্তত্ৰিংশ ১৯৭০ চনৰ ধিংত অনুস্থিত হৈছিল ।


 


(ল) আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে?


উত্তৰঃ জ্ঞান চৰ্চাই আনন্দৰাম বৰুৱাক মহৎ আৰু অমৰ কৰি তুলিছে।


 


 


চমু প্রশ্ন (আৰ্হি নং ১) (SA Type-I) – মূল্যাংকঃ ২  


                             


(ক) আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ গ্রন্থ দুখন কি কি?


উত্তৰঃ আধুনিক বিজ্ঞানসন্মত পদ্ধতিত পুৰণি সাহিত্য-গ্রন্থ সম্পাদন কৰা উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ গ্রন্থ দুখন হ’ল- (১)ভক্তি বিবেক আৰু (২) কথা সাহিত্য ।


 


(খ) উপেন্দ্র চন্দ্র লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি কোন চনত, কোন স্থানত অনুষ্ঠিত হৈছিল?


উত্তৰঃ উপেন্দ্র চন্দ্র লেখাৰুদেৱে সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিৱেশনখনি ১৯৭০ চনত, ধিঙত অনুষ্ঠিত হৈছিল ।


 


(গ) আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে ?


উত্তৰঃ আনন্দৰাম অসমৰে এখনি সৰু গাঁৱত জন্মিছিল । আন অসমীয়াৰ দৰে তেওঁ খাৰ-পাত, কল-কুঁহিয়াৰকে খাই ডাঙৰ-দীঘল হৈছিল । কিন্ত তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল । ইয়ে তেওঁৰ বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে ।


 


(ঘ) আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি কেনেধৰণে গ্রহণ কৰিব পাৰোঁ – পাঠটিৰ সহায়ত বুজাই লিখা ।


উত্তৰঃ আনন্দৰামৰ মহৎ আদৰ্শৰাজি আমি সদায় অনুকৰণ কৰিবলগীয়া । গতিকে, পথ দেখাওঁতে রূপে তেওঁক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে । প্রকৃততে, এনে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে ।


 


(ঙ) আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ অনুকৰণ কৰিবলগীয়া?


অথবাঃ আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ?


উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া । নিজ জন্মভূমি তথা পৰিয়ালৰ প্ৰতি থকা শ্ৰদ্ধা, দেশভক্তি, একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধান স্পৃহা আৰু তেওঁ দেখুৱাই যোৱা আন আন আদৰ্শবোৰ সদায় আমি অনুকৰন কৰা উচিত ।


 


(চ) ক’ত ক’ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল ?


উত্তৰঃ ভাৰতত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল ।


 


(ছ) কেনেধৰনৰ/কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল?


Ans- দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র পৰশুৰাম আৰু জানকীৰামৰ ভ্রাতৃ বুলি পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ।   


 


(জ) আনন্দৰাম বৰুৱাই প্রাগজ্যোতিষপুৰ সম্পৰ্কে কি বুলি কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল ?


অথবাঃ ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’ – বুজাই লিখা ।


উত্তৰঃ আনন্দৰাম যিদৰে প্ৰখ্যাত পণ্ডিত আছিল, সেইদৰে আছিল দেশভক্তও অৰ্থাৎ ‘আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল’ । তেওঁ সদায় নিজ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। ‘প্ৰাগজ্যোতিষপুৰ সম্ভৱম’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল । তেওঁ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোতে কামরূপৰ কথা উল্লেখ কৰিছে। তেওঁ নিজ দেশৰ কথা য’তেই সুবিধা পাইছে ত’তেই উন্নেখ কৰিছে । এনেবোৰ কথাৰ দ্বাৰা আনন্দৰাম বৰুৱাৰ দেশপ্ৰেমৰ উমান পাব পাৰি ।


 


(ঝ) কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?


উত্তৰঃ আনন্দৰাম বৰুৱাৰ নিজ কৰ্মক্ষেএৰে অসমীয়াৰ সকলো কৰ্মক্ষেত্রৰে মূল দুৱাৰ মুকলি কৰি দিয়া আৰু নৱযুগৰ আৰম্ভণি কৰি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব অৰ্থাৎ সদায় পূজা পাব ।  


 


(ঞ) আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস/সাহ কৰা নাছিল?


উত্তৰঃপথ দুৰ্গম আৰু জাত যোৱাৰ ভয়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিল।


        


চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) – মূল্যাংকঃ ৩


 


(ক) প্রকৃত মহৎ লোকসকলে দেশ-কালৰ সীমা কেনেদৰে অতিক্রম কৰে?


উত্তৰঃ ক্ষণজন্মা আনন্দৰাম বৰুৱাৰ বিষয়ে সকলোৱে শুনিছে । আমাৰ আগতো তেখেতৰ নাম শনিছিল আৰু আমাৰ পিছতো বহুতে শুনিব । তেওঁৰ মূল্যবান সংস্কৃতৰ গ্রন্থৰাজিৰ কাৰণে সদায় সকলৰো মাজত তেওঁ পূজনীয় হৈ থাকিব । অতীত, বৰ্তমান, ভৱিষ্যৎ তিনি কালতে ব্যাপি থাকি তেওঁ তেওঁৰ মহত্ত্বৰ পৰিচয় দিছে । ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে জ্ঞানী সমাজত তেওঁৰ সংস্কৃতৰ গ্রন্থসমূহ আৰু জ্ঞানৰ সম্প্রচাৰৰ বাবে আনন্দৰামৰ নাম জনাজাত । প্রকৃত মহৎ লোকসকলে এইদৰেই দেশ-কালৰ সীমা অতিক্রম কৰে ।  


 


(খ) কামৰূপ আৰু প্রাগজ্যোতিষপুৰৰ উল্লেখ কৰি আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্রেমৰ পৰিচয় দিছিল ?


উত্তৰঃ আনন্দৰাম বৰুৱাৰ নিজৰ দেশৰ প্রতি অগাধ ভক্তি আছিল । তেওঁ নিজ দেশ আৰু দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল । ‘প্রাগজ্যোতিষপুৰ সম্ভৱম্‌’ বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল । তেওঁৰ প্রকাশিত গ্রন্থসমূহৰ তেওঁ এইদৰেই পৰিচয় দিছিল । তেওঁৰ ‘মহাবীৰ চৰিত’ৰ সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছিল । এনেদৰে তেওঁ য’তেই সুবিধা পাইছিল ত’তে কামৰূপ আৰু প্রাগজ্যোতিষপুৰৰ কথা উল্লেখ কৰি স্বদেশ প্রেমৰ পৰিচয় দিছিল ।


 


(গ) আনন্দৰামৰ সময়ত কিয় ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল?


উত্তৰঃ আনন্দৰাম বৰুৱাদেৱে জ্ঞান লাভৰ নিমিত্তে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল । আজিকালি বিলাতলৈ অনেক যায় । সেয়েহে বৰ্তমান এই বিষয়তো একো আচৰিত কথা নহয় । কিন্তু তেওঁ যি কালত গৈছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহেহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল । আনকি পথ দুৰ্গম হোৱা হেতুকে অসমৰ ওচৰৰ বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল । এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ’লে জাতি যোৱা ভয়টো মানুহৰ মনত সম্পূৰ্ণ আছিল । গতিকে, তেনে সময়ত পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰামৰ যথেষ্ট মনৰ বলৰ আৱশ্যক হৈছিল । 


 


(ঘ) কোনে কি প্রসংগত এই কবিতা ফাকিৰ অৱতাৰণা কৰিছেঃ


“তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি ।


য়ুৰুপ, এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি ।”


উত্তৰঃ আনন্দৰাম বৰুৱাদেৱে জ্ঞান লাভৰ নিমিত্তে ভাৰতত শিক্ষা শেষ কৰি সুদূৰ ইউৰোপলৈ গৈছিল । তেওঁৰ মূল্যবান সংস্কৃতৰ গ্রন্থৰাজিৰ বাবে ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে তেখেতৰ নাম খ্যাত । আমাৰ অসমৰ লোকসকলৰ তেওঁ গৌৰৱৰ ৰবি আৰু অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে । আজিও যিসকল লোকে দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে সেই সকলো প্রকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্রাণিত হৈছে । একাগ্রতা আৰু অধ্যৱসায়ৰ বলত অসমীয়ায়ো জগতৰ জাতিসমূহৰ মাজত উচ্চ আসন দাবী কৰিব পাৰে, এই আত্মবিশ্বাস আহিব ধৰিছে । এই আত্মবিশ্বাস প্রথমে যিজনে নৱযুগৰ আৰম্ভণিতে আমাৰ দেশক দিলে তেওঁয়ে হৈছে আনন্দৰাম । অসমীয়াৰ শক্তিৰ প্রমাণ দিওঁতা বুলি গৌৰৱ কৰি কবি তথা লেখক উপেন্দ্র চন্দ্র লেখাৰুদেৱে দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰি গাইছে-


“তোমাৰে আনন্দ বৰুৱাই চোৱা সংস্কৃত সাগৰ মথি ।


য়ুৰুপ, এচিয়াত কিৰিতি ৰাখিলে, জগতে কৈছে ডাঠি ।”


 


 


দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I) মূল্যাংকঃ ৪


 


(ক) আনন্দৰামৰ বৰুৱাৰ দেশৰ প্রতি মহৎ দান কি বুলি লেখকে কৈছে বুজাই লিখা ।


উত্তৰঃ লেখক উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ বৰ্ণনা অনুসৰি আনন্দৰামে অসমীয়া ভাষাত কোনো গ্রন্থ লিখা নাছিল । সেই দেখি লেখকৰ মতে কোনো কোনোৱে তেখেতক দোষাৰোপ কৰিব খুজিব পাৰে । কিন্ত সেইটো ভুল আৰু যুক্তিহীন । তেওঁ কি কি নকৰিলে সেইবোৰলৈ নেচাই তেওঁ কি কি কৰিলে তাকে চালেহে আমি তেওঁৰ পৰিচয় পাব পাৰিম বুলি লেখকে ব্যক্ত কৰিছে ।


এজন মানুহে সকলোবোৰ কাম কৰা অসম্ভৱ । বিশেষকৈ সংস্কৃত ভাষা আৰু সাহিত্যকে আনন্দৰামে ভাল পাইছিল । তাৰে বিশেষ চৰ্চা কৰি নিজ প্রতিভাৰে তেওঁ জগতত চিৰকাললৈ অসমীয়াৰ সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ উন্নতি পথৰ ইংগিত দি গ’ল । দেশৰ প্রতি এয়ে তেওঁৰ মহৎ দান । ইয়াৰ বাবেই আনন্দ বৰুৱাদেৱ আমাৰ চিৰ পূজনীয় ।   


 


(খ) ‘আনন্দৰাম সদায় একাগ্র আছিল’ – চমুকৈ বুজাই লিখা ।


অথবাঃ একাগ্ৰতা গুনে আনন্দৰাম বৰুৱাক কেনেধৰনে সহায় কৰিছিল?


উত্তৰঃ আনন্দৰাম বৰুৱা সদায় একাগ্ৰতা আছিল । একাগ্ৰতাৰ গুনতেই তেওঁ এগৰাকী অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল । এই গুণে তেখেতক সাহস আৰু প্ৰেৰণা দান কৰিছিল । ল’ৰালিকালতে ভাওনা আদি আভিনয় উৎসৱত যোগদান কৰোতে আনন্দৰাম যেনে একামনা আছিল, সেইদৰে লিখা-পঢ়া বিষয়তো তেওঁ একামনা আছিল । সেয়েহে গোটেই ‘অমৰকোষ’খনি তেওঁ ল’ৰালিকালতে কন্ঠস্থ কৰিব পাৰিছিল । কৰ্মত আনন্দৰাম বৰুৱা ইমান একাগ্ৰ আছিল আৰু জ্ঞান-চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অবলম্বন কৰিছিল । কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবেই এসময়ত তেওঁ এগৰাকী প্ৰখ্যাত পণ্ডিত হ’ব পাৰিছিল । এনে পবিত্র পথৰ পথিক তেওঁ আমাৰ চিৰ নমস্য হৈ ৰব ।


 


(গ) ‘আনন্দৰামৰ মূলমন্ত্র আছিল কৰ্ম’ – চমুকৈ আলোচনা কৰা ।


উত্তৰঃ আনন্দৰাম বৰুৱাৰ মূলমন্ত্ৰ আছিল কৰ্ম । অবিৰাম কৰ্মগতিতে তেওঁ আনন্দ লাভ কৰিছিল । কামৰ বাবে বৰুৱাই প্ৰশংসা বা মান নিবিচাৰিছিল । বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেনীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল । ইয়াৰ বাহিৰেও আৰু নানা গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল ।


তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকও বিস্ময় মানিছিল । কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতীসমূহৰ লগতে প্রাচ্য-পাশ্চাত্য ঐক্য সাধন কৰিছিল । জ্ঞানস্পৃহাৰ বাবে আনন্দৰামে ভাৰতত শিক্ষা সাং কৰি সুদূৰ ইউৰোপলৈ গৈছিল । প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিয়ে আমাক বিস্মিত কৰে । কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ-দেশ গঠনেই আনন্দৰামৰ জীৱন ।


 


দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II) – মূল্যাংকঃ ৫


 


(ক) আনন্দৰাম বৰুৱাই জন্ম দিওঁতা আৰু লালল-পালন কৰি ডাঙৰ দীঘল কৰোঁতাসকলক কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা জনাইছিল বুজাই লিখা ।


উত্তৰঃ কোনো লোকে প্রকৃত জ্ঞানৰ অধিকাৰী হ’লে বা জীৱনৰ মাধুৰী ভোগ কৰিবলৈ পালে বা পৃথিৱীত জন্মলাভ কৰাৰ সাৰ্থকতা উপলব্ধি কৰিলে জন্মদাতা পিতৃ-মাতৃ আৰু লালন-পালন কৰি ডাঙৰ কৰোঁতা উপৰিস্থসকল, সংগীসকল, জ্ঞানদাতাসকল দেশ বা সমাজৰ প্রতি কৃতজ্ঞ হয় । আনন্দৰামে এই কথাৰ সত্যাতা প্রমাণ কৰি দেখুৱাইছিল । ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি অগাধ পণ্ডিত হৈ উঠিছিল । ইয়াৰ উপৰি, দেশৰ আন লোকে এই কালত আশা কৰিব নোৱাৰা ৰজাঘৰীয়া ডাঙৰ বিষয় পাইছিল ।


     তথাপি, আনন্দ বৰুৱাদেৱে নিজৰ আই-বোপাই, ভাই-ককাইৰ প্রতি ভক্তি আৰু শ্রদ্ধা লেখমানো কমি যোৱা নাছিল । সংস্কৃত সাগৰ মথি জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহি তেওঁ সংস্কৃতৰ সুবৃহৎ গ্রন্থ লেখিছিল । সেই মুহূৰ্ততো তেওঁ দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্র পৰশুৰাম আৰু লগতে জানকীৰামৰ ভ্রাতৃ বুলি পৰিচয় প্রদান কৰিহে অত্যন্ত সন্তোষ লাভ কৰিছিল । জন্ম দিওঁতা আৰু লালন-পালন কৰি ডাঙৰ-দীঘল কৰোঁতাসকলক কেনেদৰে ভক্তি দেখুৱাব, কেনেদৰে তেওঁলোকৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিব লাগে তাৰ আদৰ্শ আৰু চিন্তাহে তেখেতে মনোনিবেশ কৰিছিল ।  


 


(খ) কেনে পৰিৱেশত আনন্দৰামে বিলাত যাত্রা কৰিছিল – বুজাই লিখা ।


অথবাঃ (ঘ)‘নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব ।’ – বুজাই লিখা ।


উত্তৰঃ আনন্দৰামে যিটো কালত বিলাত যাত্রা কৰিছিল, সেই কালত ভাৰতৰ পৰা নিচেই কম সংখ্যক মানুহেহে ইউৰোপলৈ যাবলৈ সাহ কৰিছিল । আনকি পথ দুৰ্গম হোৱা কাৰণে অসমৰ পৰা বংগদেশলৈ যাবলৈকে মানুহে ভয় কৰিছিল । এনে ভয়ৰ বাহিৰেও বিলাতলৈ গ’লে জাতি যোৱা ভয়ো মানুহৰ মনত বিৰাজমান হৈ আছিল । সেয়েহে, সেই সময়ত পিতৃ-মাতৃ, জ্ঞাতি-কুটুম আৰু সমাজৰ পৰা আঁতৰি মহাসাগৰ পাৰ হৈ সুদূৰ বিলাতলৈ যাবলৈ আনন্দৰাম বৰুৱা দেৱৰ যথেষ্ট মনৰ বলৰ আৱশ্যক হৈছিল ।


জ্ঞানৰ প্রতি থকা স্পৃহাই তেওঁৰ মনত অতুল সাহ জাগ্রত কৰিছিল । সেয়েহে আনন্দৰাম বৰুৱাদেৱে সিদ্ধি লাভ কৰিবলৈ সক্ষম হৈছিল । এই সাহস আৰু উদ্দীপণাই সেই সময়ত জাতিসমূহৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰিলে । আনন্দৰামে অসমীয়াত ভাষাত একো নেলেখিলে, এখন অসম বুৰঞ্জীও লিখি থৈ থৈ নগ’ল, বক্তৃতা আদিৰো সূত্রপাত নকৰিলে । তথাপি, সংস্কৃত ভাষা, গ্রন্থ আৰু চৰ্চাৰ মাধ্যমেৰে ভাৰত, আমেৰিকা, ইউৰোপ আদি দেশত অসমীয়াৰ যি নাম ৰাখিলে সেই অতুল সাহস আৰু প্রচেষ্টাতে অসম আৰু অসমীয়াৰ বাবে সকলো কৰ্মক্ষেত্রৰে মূল দুৱাৰ মুকলি কৰি থৈ গ’ল । এই নৱযুগৰ আৰম্ভণি কৰি সেই সময়ত অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ পৰিপেক্ষিতত আনন্দৰাম বৰুৱাদেৱ সদায় আমাৰ মাজত পূজ্য হৈ ৰব । অৰ্থাৎ ‘নৱযুগৰ আৰম্ভণি অসমীয়াৰ পক্ষে গৌৰৱময় কৰি তোলাৰ কাৰণে আনন্দৰামে সদায় পূজা পাব ।’


 


(গ) প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা ।


অথবাঃ প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে, বুজাই লিখা ।


উত্তৰঃ অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নোৱাৰি । পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল । কিন্ত আনন্দৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল । প্রাচ্য আৰু পাশ্চাত্য ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ । তেওঁকে আদৰ্শ কৰি ভৰততো বহুতো সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে । অসমৰ বাবে বৰুৱা গৌৰৱ ৰবি ।


আজিও দেশত শক্তি অনুসৰি চৰ্চা আৰু অনুসন্ধান কৰিছে আৰু খ্যাতি লাভ কৰিছে, সেই সকলো প্ৰকৃতপক্ষে আনন্দৰামৰ আদৰ্শত অনুপ্ৰাণিত হৈছে । একাগ্ৰতা আৰু অধ্যাৱসায়ৰ বলত জাতিসমূহৰ মাজত আনন্দৰাম বৰুৱাই আসন দাবী কৰিব পাৰে । যিজন প্ৰথমে নৱযুগৰ আৰম্ভণিৰ আত্মবিশ্বাসৰ মাজেৰে আমাৰ মাজত প্ৰত্যয় জন্মালে আৰু প্রাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত বীজ সিঁচিলে তেওঁয়েই হৈছে আনন্দৰাম বৰুৱা । আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৰ্মৰ দ্বাৰা তেওঁ জাতিসমূহৰ আৰু লগতে প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় অথবা ঐক্য সাধন কৰিবলৈ সক্ষম হৈছিল ।


   


 


(ঙ) ‘প্রসংগ সংগতি দৰ্শাই ব্যাখা কৰাঃ


 


(১) তেওঁ কি কি নকৰিলে সেইবোৰলৈ নাচাই তেওঁ কি কি কৰিলে, তাকে চালেহে আমি তেওঁৰ পৰিচয় পাম ।


উত্তৰঃ উদ্ধিত কথাফাকি আমাৰ দ্বাদশ শ্রেণীৰ অসমীয়া ‘সাহিত্য সৌৰভ’ পাঠ্যপুথিৰ অন্তৰ্গত উপেন্দ্র চন্দ্র লেখাৰুদেৱৰ দ্বাৰা ৰচিত ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।


এই কথাফাকিৰ মাজেৰে লেখকে আনন্দৰাম বৰুৱা দেৱে অসমীয়া জাতিৰ বাবে কৰা কাৰু-কাৰ্যসমূহৰ ক্ষেত্রত অধিক গুৰুত্ব নিক্ষেপ কৰিবলৈ আৰু তেওঁ নকৰা কৰ্মৰাজিৰ বিষয়ে চৰ্চা নকৰাৰ পৰিপেক্ষিতত অৱতাৰণা কৰিছে ।


লেখকে প্রকাশ কৰা অনুসৰি, আনন্দৰামে অসমীয়া ভাষাত কোনো গ্রন্থ লিখা নাছিল । সেই দেখি কোনোৱে তেখেতক দোষাৰোপ কৰিব খুজিব পাৰে । কিন্ত লেখকৰ মতে, এইটো একেবাৰে ভুল আৰু যুক্তিহীন । তেওঁ কি কি নকৰিলে সেইবোৰলৈ নেচাই তেওঁ কি কি কৰিলে, তাকে চালেহে লেখকৰ মতে আমি তেওঁৰ পৰিচয় পাম কিয়নো এজন মানুহৰ পক্ষে সকলোবোৰ কাম কৰা অসম্ভৱ । আনন্দৰামে সংস্কৃত ভাষা আৰু সাহিত্যৰ চৰ্চা কৰি নিজ প্রতিভাৰে জগত্ত চিৰকাললৈ অসমীয়াৰ যি সন্মান বঢ়ালে আৰু আন আন অসমীয়াক দেশৰ উন্নতি পথৰ ইংগিত দি গ’ল, সেয়া দেশৰ প্রতি তেওঁৰ মহৎ দান । ইয়াৰ বাবেই তেখেত আমাৰ পূজনীয় হৈ ৰ’ব ।


 


(২)“কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বরূপ” ।


অথবাঃ প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা- “কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বরূপ”


উত্তৰঃ ব্যাখেয় কথাফাকি আমাৰ পাঠ্যপুথি “সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে ।


             আনন্দৰাম বৰুৱাৰ মতে কৰ্মই আছিল ধৰ্ম । কৰ্ম সাধনাৰে তেওঁ দেশৰ উন্নতি সাধনৰ প্ৰচেষ্টাত ব্ৰতী আছিল । ভাৰতীয় দৰ্শনত কৰ্মই জীৱনৰ মূল । ফল আশা মকৰাকৈ কেৱল কাম কৰি যোৱাটোতেই জীৱনৰ সাৰ্থকতা । কৰ্মৰ দ্বাৰাই মানুহ পাৰ্থিৱ জগতত অমৰ হৈ ৰয় । ক্ৰমহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ । ভৰতীয় দৰ্শনৰ এই তত্বক পূৰামাত্ৰহৈ অনুকৰন কৰিছিল আনন্দৰাম বৰুৱাই যিটো লেখকে এই কথাফাকিৰ মাজেৰে অৱতাৰণা কৰিছে ।  


             আনন্দৰাম বৰুৱাৰ মূলমন্ত্ৰ আছিল কৰ্ম । অবিৰাম কৰ্মগতিতে তেওঁ আনন্দ লাভ কৰিছিল । কামৰ বাবে বৰুৱাই প্ৰশংসা বা মান নিবিচাৰিছিল । বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি চাকৰি জীৱনৰ অতি কম সময়ৰ ভিতৰতে তেওঁ বহুকেইখন উচ্চ শ্ৰেনীৰ গ্ৰন্থ প্ৰকাশ কৰিছিল । ইয়াৰ বাহিৰেও আৰু নানা গ্ৰন্থ প্ৰণয়ন কৰিবলৈ তেওঁ সংকল্প কৰিছিল । তেওঁৰ কাম আৰু সংকল্প দেখি জগত বিখ্যাত পণ্ডিত মেক্সমূলাৰৰ দৰে লোকেও বিস্ময় মানিছিল । কৰ্ম আৰু জীৱনৰ দ্বাৰা আনন্দৰাম বৰুৱাই জাতীসমূহৰ লগতে প্রাচ্য-পাশ্চাত্য ঐক্য সাধন কৰিছিল । জ্ঞানস্পৃহাৰ বাবে আনন্দৰামে ভাৰতত শিক্ষা সাং কৰি সুদূৰ ইউৰোপলৈ গৈছিল । প্রাচ্য-পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ। তেওঁৰ অনুসন্ধান স্পৃহা, কৰ্ম আৰু খ্যাতিয়ে আমাক বিস্মিত কৰে । কৰ্মৰ জৰিয়তে সুস্থিৰ সমাজ-দেশ গঠনেই আনন্দৰামৰ জীৱন ।


 


(৩)‘প্রকৃততে মহাপুৰুষৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে ।’ 


অথবাঃ মহাপুৰুষসকলৰ পদাংক অনুসৰন কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? ‘আনন্দৰাম বৰুৱা’ পাঠটিৰ আধাৰত বুজাই লিখা।


উত্তৰঃ ব্যাখেয় কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে ।


       সাধাৰন মানুহৰ দৰে জন্ম লৈও কেৱল আদৰ্শ আৰু কৰ্মৰ দ্বাৰা কিছুমান লোক জগতত মহাপুৰুষৰূপে স্বীকৃত হয় । বিশাল ব্যক্তিত্ব, জ্ঞানলাভৰ প্ৰতি থকা একাগ্ৰতা, অগাধ পাণ্ডিত্য, দেশপ্ৰেম, কৰ্মস্পৃহা আদি গুনৰাজিৰে তেওঁলোকে নিজৰ লগতে জগতকো উন্নতিৰ পথলৈ লৈ যায়, এই কথাকে এই কথাফাকিৰ মাজেৰে লেখকে অৱতাৰণা কৰিছে ।


         আনন্দৰাম বৰুৱা এনে এগৰাকী মহাপুৰুষ যিগৰাকী মহান পুৰুষৰ জীৱন আৰু কৰ্ম সকলোৰে আদৰ্শ হৈ ৰ’ব । এখন সৰু, সাধাৰন গাঁৱত জন্মিও তেওঁ একান্তভৱে জ্ঞান চৰ্চা কৰিছিল । জ্ঞান লাভৰ প্ৰতি থকা ঐকান্তিক গুণে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে । কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ গুণত তেওঁৰ বহুমুখী কৰ্মৰাজি সৌৰভ চৌদিশে বিয়পি পৰিছে । তেৱেই সংস্কৃত সাহিত্য চৰ্চাৰে প্ৰাচ্য-পাশ্চাত্যৰ ঐক্য সাধন কৰি গৈছ । প্ৰকৃততে আনন্দৰাম বৰুৱাই সকলো কৰ্মক্ষেএতে মূল দুৱাৰ মুকলি কৰি দি থৈ গৈছে । এইগৰাকী মহান ব্যক্তিৰ পদাংক অনুসৰন কৰি আমিও নিজৰ লগতে জগতকো উন্নতি সাধন কৰিব পাৰো । অৰ্থাৎ ‘প্রকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্রত্যেক মানুহে নিজকে উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে ।’ 


 


৪। একাগ্রতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল ।


অথবাঃ একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল । (কেৱল উত্তৰৰ তৃতীয় দফা)


উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে ।


     একাগ্রতাৰ গুণতে আনন্দৰাম বৰুৱাদেৱে কেনেদৰে অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মীরূপে জগত খ্যাত হৈছিল, ইয়াৰ আলমেৰে লেখকে কথাফাকিৰ অৱতাৰণা কৰিছে ।


আনন্দৰাম বৰুৱা সদায় একাগ্ৰতা আছিল । একাগ্ৰতাৰ গুনতেই তেওঁ এগৰাকী অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ’ব পাৰিছিল । এই গুণে তেখেতক সাহস অৰু প্ৰেৰণা দান কৰিছিল । ল’ৰালিকালতে ভাওনা আদি আভিনয় উৎসৱত যোগদান কৰোতে আনন্দৰাম যেনে একামনা আছিল, সেইদৰে লিখা-পঢ়া বিষয়তো তেওঁ একামনা আছিল । সেয়েহে গোটেই ‘অমৰকোষ’খনি তেওঁ ল’ৰালিকালতে কন্ঠস্থ কৰিব পাৰিছিল । কৰ্মত আনন্দৰাম বৰুৱা ইমান একাগ্ৰ আছিল আৰু জ্ঞান-চৰ্চাৰ অনুৰাগ তেওঁৰ এনে প্ৰবল আছিল যে তাৰ বাবে তেওঁ চিৰকুমাৰ ব্ৰত অবলম্বন কৰিছিল । কৰ্মৰ প্ৰতি থকা একাগ্ৰতাৰ বাবেই এসময়ত তেওঁ এগৰাকী প্ৰখ্যাত পণ্ডিত হ’ব পাৰিছিল । এনে পবিত্র পথৰ পথিক তেওঁ আমাৰ চিৰ নমস্য হৈ ৰব ।


 


(৫) অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে । কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰা ।


উত্তৰঃ উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অৰ্ন্তগত প্ৰবন্ধকাৰ উপেন্দ্ৰে চন্দ্ৰ লেখাৰু দেৱৰ ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক পাঠটিৰ পৰা লোৱা হৈছে ।


     অসমীয়াৰ প্রতি আনন্দৰামৰ যি মহৎ দান আৰু সন্মান প্রদান কৰিলে সেয়া যে অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে, এই সম্পৰ্কে কথাফাকিৰ মাধ্যমেৰে লেখকে প্রকাশ কৰিছে ।


         অধ্যাপক উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ মত অনুসৰি আনন্দৰাম বৰুৱাৰ আগতে সংস্কৃত চৰ্চা বৰ বিশেষ ৰকমে হৈছিল বুলি ক’ব নোৱাৰি । পাশ্চাত্যৰ লোকসকলে প্ৰাচ্যৰ জ্ঞানৰাজিৰ বিশেষ আলোচনা কৰিবলৈ সুবিধা পোৱা নাছিল । কিন্ত আনন্দৰাম বৰুৱাৰ পিছত এই কাম উজু হৈ পৰিছিল । প্রাচ্য আৰু পাশ্চাত্য ভাৰত সন্মিলনত আনন্দৰামৰ স্থান অতি উচ্চ । তেওঁকে আদৰ্শ কৰি ভৰততো বহুতো সংস্কৃত চৰ্চা কৰিবলৈ ধৰিলে । অসমৰ বাবে বৰুৱা গৌৰৱ ৰবি । তেখেতৰ অনুসন্ধানস্পৃহা, কৰ্ম আৰু খ্যাতিত বিস্ময়ান্বিত হৈ অসমৰ লোকসকলৰ আত্মস্মৃতি জাগি উঠিল । সেয়েহে, অসমীয়াই আনন্দৰামক কেতিয়াও পাহৰিব নোৱাৰে । 


 


(৬) আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহন কৰিব পাৰোঁ বুজাই লিখা।


উত্তৰঃ আনন্দৰামৰ একাগ্ৰতা, পৰিশ্ৰম, মনোবল, কৰ্মস্পৃহা, অনুসন্ধানস্পৃহা আদি মহৎ আদৰ্শৰাজিৰে আমি অনুপ্ৰাণিত হোৱা উচিত । একাগ্ৰতা আৰু আৰু অধ্যাৱসায়ৰ বলত আমিও জগতত উচ্চ আসন দাবী কৰিব পাৰো । এই আত্ম-বিশ্বাস আনন্দৰামেই জগতত বোৱাই দিছে । আনন্দৰাম অসমৰ গৌৰৱ ৰবি । তেওঁৰ মহৎ আদৰ্শৰ কথা আলোচনা কৰি, তেওঁৰ স্মৃতিত গ্ৰন্থাদি কৰি, অনুসন্ধান সমিতিৰ সূত্ৰপাত কৰি আমি নিজকে উন্নতিৰ পথত পৰিচালিত কৰিব পাৰো । আনন্দৰাম বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আমিও নিজ কৰ্মৰ দ্বাৰা জগতৰ উন্নতি সাধিব পাৰো ।


 


 



মোৰ মাতৃ দৰ্শন

 


মোৰ মাতৃমোখ দৰ্শন


অতি চমু প্রশ্ন (প্রতিটো প্রশ্নৰ মুল্যাংক-১)


(ক) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটোৰ কৰ পৰা সংগ্রহ কৰা হৈছে?


উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ড০ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী (প্রথম খন্দ)ৰ পৰা সংগ্রহ কৰা হৈছে।


 


(খ) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত?


উত্তৰঃ সম্বলপুৰ ভাৰতৰ উড়িষ্যা ৰাজ্যত অবস্থিত।


 


(গ) বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে কৰ পৰা ক’লৈ যাত্রা কৰিছিল?


উত্তৰঃ বেজবৰুৱাই ‘মোৰ মাতৃমুখ’ দর্শনৰ বাবে উৰিষ্যাত সম্বলপুৰৰ অসম (গুৱাহাটী)লৈ যাত্রা কৰিছিল।


 


(ঘ) ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?


উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বেৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা করোঁতে বেজবৰুৱাৰ সংগী হিচাপে পত্নী প্রজ্ঞাসুন্দৰী দেবী আৰু সৰু জীয়েক আছিল।


 


(ঙ) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত চাৰিখন ধেমালীয়া নাটকৰ নাম লিখা ।


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ধেমালি নাটকসমুহৰ নাম হৈছে-‘লিতিকাই’, ‘নোমল’, ‘পাচনি’, আৰু চিকৰপতি নিকৰপতি’।


 


(চ) ‘মোৰ মাতৃমুখ দর্শন’ কোন শ্রেণীৰ ৰচনা?


উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’, আত্মজীৱন-কথা অর্থাৎ আত্মজীৱনীমূলক আৰু ভ্রমণ কাহিনীমূলক শ্রেণীৰ ৰচনা ।


 


(ছ) লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ কোনখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বি. এ. ডিগ্রী লাভ কৰে?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই কলকতাৰ ‘জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যন’(General Assembly's Institution) পৰা বি. এ. ডিগ্রী লাভ কৰে ৷


 


(জ)লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা ?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম- কদমকলি ।


 


(ঝ) ‘মোৰ মাতৃমুখ দর্শন’ত উল্লিখিত বৃন্দাবনচন্দ্র কোন?


উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ত উল্লিখিত বৃন্দাবনচন্দ্র হ’ল- ভগৱান শ্রী কৃষ্ণ ।


 


(ঞ) লক্ষ্মীনাথ বেজবৰুৱাই কেতিয়াৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল? তেওঁ তাত কি কাম কৰিছিল?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰা সম্বলপুৰত বসবাস কৰিবলৈ লৈছিল । তেওঁ তাত বাৰ্ড কোম্পানিৰ ফার্মৰ ‘মেনেজাৰ’ৰ পদত কাম কৰিছিল ।    


 


(ট) ‘জোনাকি’ আলোচনা পোন প্রথমে কেতিয়া প্রকাশ হৈছিল?


উত্তৰঃ ‘জোনাকি’ আলোচনা পোন প্রথমে ১৮৮৯ চনত প্রকাশ হৈছিল?


 


(ঠ) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা  কবিতাপুথিখনৰ নাম কি?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা  কবিতাপুথিখনৰ নাম ‘কদমকলি’।


 


(ড) লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্র উপন্যাসখনিৰ নাম কি?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্র উপন্যাসখনিৰ নাম ‘পদুমকুঁৱৰী’।


 


(ঢ) ‘মোৰ জীবন সোঁৱৰণ’ নামৰ আত্মজীবনীখনৰ ৰচক কোন?


উত্তৰঃ‘মোৰ জীবন সোঁৱৰণ’ নামৰ আত্মজীবনীখনৰ ৰচক লক্ষ্মীনাথ বেজৰুৱা ।


 


(ণ)লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ কোন চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল।     


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটী অধিবেশনৰ সভাপতি আছিল ।


 


(ত) লক্ষ্মীনাথ বেজবৰুৱাৰ কেতিয়া মৃত্যু হৈছিল?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ১৯৩৮ চনত মৃত্যু হৈছিল ।


 


(থ) অসমীয়া চুটিগল্পৰ জনক বুলিলে কাক বুজায়?


উত্তৰঃ অসমীয়া চুটিগল্পৰ জনক বুলিলে লক্ষ্মীনাথ বেজবৰুৱাক বুজায় ।


 


(দ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম কি?


উত্তৰঃলক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা আলোচনীখনৰ নাম ‘জোনাকী’ ।


 


(ধ) ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে ?


উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত ‘মাতৃ’ শব্দৰে বেজবৰুৱাৰ দেশমাতৃ তথা জন্মভূমি অসমক বুজোৱা হৈছে ।


 


(ন) প্রবসুৱা লেখকে কর্মসূত্রে কোন ঠাইত আছিলগৈ?


উত্তৰঃ প্রবসুৱা লেখকে কর্মসূত্রে উৰিষ্যাৰ সম্বলপুৰত আছিলগৈ ।


 


(প) বেজবৰুৱাৰ কিমান বছৰৰ পাছত ‘মাতৃমুখ’ দর্শন হৈছিল?


উত্তৰঃবেজবৰুৱাৰ ডেৰকুৰি-দুকুৰি বছৰৰ পাছত ‘মাতৃমুখ’ দর্শন হৈছিল ।


 


(ফ) বেজবৰুৱাই ‘মাতৃমুখ দর্শনৰ বাবে কেতিয়া অসমলৈ যাত্রা কৰিছিল?


উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰ তাৰিখে বেজবৰুৱাই ‘মাতৃমুখ দর্শনৰ বাবে  অসমলৈ যাত্রা কৰিছিল ।


 


(ব) কবীৰ কোন আছিল?


উত্তৰঃ কবীৰ বাৰানসীৰ এজন কবি-সাহিত্যিক তথা ধর্মসাধক আছিল । তেখেত ৰামানন্দৰ মন্ত্রশিষ্য আছিল ।


 


(ভ) সন্নিপাত মানে কি?


উত্তৰঃ সন্নিপাত মানে ভীষণ জ্বৰ ।


 


(ম) ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা কিমান দূৰত অৱস্থিত?


উত্তৰঃ ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা ৩১ মাইল দূৰত অৱস্থিত ।


 


(য) কিমান তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল?


উত্তৰঃ ১৯৩০ চনৰ ২২ ছেপ্তেম্বৰ তাৰিখে লেখক গুৱাহাটীত উপস্থিত হৈছিল ।


 


(ৰ) বৃষভ কি?


উত্তৰঃ বৃষভ হৈছে শিৱৰ বাহন- ষাড় গৰু ।


 


(ল) নন্দী-ভৃংগী কোন?


উত্তৰঃ নন্দী-ভৃংগী হৈছে শিৱৰ শিষ্য ।


 


(শ) পার্বতীয়ে কাক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্রচেষ্টা চলাইছিল?


উত্তৰঃ পার্বতীয়ে নাৰদক বিপুৱা ধৰি সবামী মহাদেৱক ঘৰলৈ অনাৰ প্রচেষ্টা চলাইছিল ।


 


(ষ) হাহা হুহু কোন?


উত্তৰঃ হাহা হুহু ব্রহ্মাৰ মানস পুত্র । যি দুজনক পার্বতীয়ে মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল ।



(স) ৰামমোহন ৰায়ৰ স্মৃতিসভাত কোনগৰাকী ব্যক্তিৰ বক্তৃতা শুনি লেখক পুলকিত হৈ পৰিছিল ।


উত্তৰঃ শ্রী মতী যোগদা দেৱীৰ ।


 


(হ) Comedy of Errors গ্রন্থৰ প্রণেতা কোন?


উত্তৰঃ Comedy of Errors গ্রন্থৰ প্রণেতা হ’ল- শ্বেক্সপীয়েৰ (Shakespeare) ।


 


(ড়) Comedy of Errors গ্রন্থখন ‘ভ্রমরংগ’ নাম দি কোনে অসমীয়ালৈ ভাঙনি কৰিছিল?


উত্তৰঃ Comedy of Errors গ্রন্থখন ‘ভ্রমরংগ’ নাম দি ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়ালৈ ভাঙনি কৰিছিল ।


 


চমু প্রশ্ন (আৰ্হি নং ১) (SA Type-I) –            মূল্যাংকঃ ২


(ক) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক প্রবন্ধটো কি উদ্দেশ্যে পাঠ হিচাপে নির্বাচন কৰা হৈছে?


উত্তৰঃ ‘সাহিত্যৰথী’ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৰাজি অসমৰ জাতীয় সম্পদ স্বৰূপ । বেজবৰুৱাই আত্মজীৱন-কথা ‘মোৰ জীৱন সোঁৱৰণ’ত প্রকাশ কৰাৰ লগতে আলোচনীৰ পাততো আত্ম-জীৱনীমূলক প্রবন্ধ আৰু ভ্রমণ কাহিনী লিখিছিল । তেওঁৰ এই সাহিত্যিক সৌন্দর্যৰ বিচাৰ আৰু নিমজ কথাশৈলীৰ বিষয়ৰ লগতে তেখেতৰ তেনে ৰচনাৰ সোৱাদ দিয়াৰ উদ্দেশ্যে ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক প্রবন্ধটো পাঠ হিচাপে নির্বাচন কৰা হৈছে ।


 


(খ)লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি কেতিয়া ক’ত অনুষ্ঠিত হৈছিল ?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব কৰা অসম সাহিত্য সভাৰ অধিবেশনখনি ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হৈছিল ।


 


(গ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত ‘জোনাকী’ৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ধল প্রবাহিত হয় । ‘জোনাকী’ৰ পাতত, তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্রাৰ সূচনা হয় । সেয়েহে, লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ।


 


(ঘ)এই শব্দবোৰৰ অৰ্থ লিখাঃ


মাথাপোট, ফৰিয়াদ, গজপত, ঘূঘুয়া


উত্তৰঃ


মাথাপোট – কৰ্মৰ প্রতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা ।


ফৰিয়াদ – গোচৰ, অভিযোগ ।


গজপত – অভিশাপ, শাওপাত ।


ঘূঘুয়া – অলপীয়া, অলপকৈ হোৱা




(ঙ) শ্বেইক্সপীয়েৰৰ Comedy of Errors শীৰ্ষক নাটকখন কি নামেৰে কোনে অসমীয়া অনুবাদ কৰিছিল ?


উত্তৰঃ শ্বেইক্সপীয়েৰৰ Comedy of Errors শীৰ্ষক নাটকখন ভ্রমরংগ নামেৰে ৰমাকান্ত বৰকাকতী, ঘনশ্যাম বৰুৱা, গুঞ্জানন বৰুৱা আৰু ৰত্নধৰ বৰুৱাই অসমীয়া অনুবাদ কৰিছিল ।




চমু প্রশ্ন (আৰ্হি নং ২) (SA Type-II) –           মূলাংকঃ ৩


 (ক) ‘মোৰ মাতৃমুখ দর্শন শীর্ষক পাঠটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা ।


উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই সুদীর্ঘ ডেৰকুৰি দুকুৰি বছৰত মূৰত নিজ মাতৃভূমি অসমলৈ উভতি অহাৰ মূল কাৰণ, লগতে অসমলৈ আহি অসমৰ বিভিন্ন ক্ষেত্রত হোৱা পৰিৱৰ্তনৰ কথা বৰ্ণনা কৰিছে । জীৱনৰ সৰহ সময় অসমৰ বাহিৰত কটোৱাৰ পিছত এফালে দেশবাসীৰ আহ্বান, আনফালে মাতৃভূমিৰ প্রতি থকা প্রবল হেঁপাহৰ ফলত শেষ বয়সত বেজবৰুৱাদেৱে নিজ মাত্রিভূমিলৈ উভতি অহাৰ সংকল্প লয় । নিজ দেশলৈ উভতি আহি অসমী আইৰ ৰূপসুধা পান কৰি আপ্লুত হৈ যি বৰ্ণনা দাঙি ধৰিছে আৰু অসমৰ পুৰষ-নাৰী পৰিৱৰ্তনৰ দিশত যিদৰে আগবাঢ়িছে, সেই কথা সুন্দৰ ৰূপত পাঠটীৰ জৰিয়তে তুলি ধৰিছে । সেয়েহে ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ নামকৰণ সার্থক হৈছে বুলি একমুখে ক’ব পাৰি ।


 


(খ) ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰ পাছত আৰু কেতিয়া তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল ?


উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিত ‘মাতৃ’ শব্দৰে নিজৰ মাতৃভূমি অসমৰ কথাক বুজোৱা হৈছে । ডেৰ-দুকুৰি বছৰৰ পাছত আৰু ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত কৰ্মসূত্রে থকা সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্রা কৰি বাইশ (২২) ছেপ্তেম্বৰত তেওঁৰ মাতৃমুখ দৰ্শন হৈছিল ।


 


(গ) লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্রসকলে কিদৰে অভিনন্দন জনাইছিল?


উত্তৰঃ সুদীৰ্ঘ কাল উৰিষ্যাৰ সম্বলপুৰত থকাৰ পিছত লখমীনাথ বেজবৰুৱা অসমলৈ উভতি আহে । আনন্দত চেঁচা পানী ঢালি বেজবৰুৱাদেৱ ‘মেলেৰিয়া’ জ্বৰত আক্রান্ত হ’ল । সেইদিনাই গধূলি সভা পাতি কটন কলেজৰ ছাত্রসকলে তেখেতক অভিনন্দন জনালে । জ্বৰ ভালদৰে এৰা নাছিল যদিঅ ছাত্রবন্ধুসকলৰ একাগ্র আগ্রহক নেওচা দিব পৰা নাছিল । সভালৈ গৈ তেওঁ দেখিলে ছাত্রবন্দুসকলৰ কি উৎসাহ, কি আনন্দ! বেজবৰুৱাই সপোনতো ভবা নাছিল, কেনেকৈ তেওঁ ছাত্রসকলৰ অতৰাত্মাত বিৰাজ কৰিছিল । জ্বৰৰ কথা পাহৰি বেজবৰুৱা ডেকাসকলৰ মাজৰ এজন ডেকা হৈ পৰিছিল । ডেকাসকলৰ মাজৰপৰা কোনোজনে শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল । কোনোজনে সুললিত কন্ঠেৰে গীত গাইছিল । বেজবৰুৱাৰ এনে অনুভৱ হৈছিল যেন তেওঁৰ জীৱনৰ নোমাব ধৰা চাকিগছ তেল-শলা দি পুনৰ জ্বলাই তুলিছিল । তেনে ক্ষণত তেখেত উপলব্ধি কৰিছিল কলিকতাত চৰকাৰী বৃত্তিৰ ছাত্রৰ সংখ্যা বঢ়োৱাতকৈ গুৱাহাটীত কলেজ স্থাপন কৰি লাভবান হোৱাৰ কথা । এনেদৰে এক উৎসৱমুখৰ পৰিৱেশত কটন কলেজৰ ছাত্রসকলে বেজবৰুৱাক অভিনন্দন জনাইছিল ।


 


(ঘ) ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক পাঠটিৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু ‘জ্ঞান’ কোন আছিল? এওঁলোকৰ লগত লেখকৰ সম্পৰ্ক কেনে আছিল ?


উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি, সুবিখ্যাত চাহ খেতিয়ক, সদাগৰ শ্রীযুত চন্দ্রকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্রসিদ্ধ প্রিন্সিপাল, উদাৰহৃদয় মিষ্টাৰ জে. বৰুৱা, বেৰিষ্টাৰ এট্-লৰ ।


     এওঁলোকে লেখক, লক্ষ্মীনাথ বেজবৰুৱাৰ নিমিত্তে গুৱাহাটীখন পোহৰাই ৰাখিছিল । সেইদেখি গুৱাহাটীৰ ফালে মুখ কৰিলেই বেজবৰুৱাদেৱৰ মনত সুখৰী লহৰী উঠিছিল । তেওঁলোকৰ ঘৰ বেজবৰুৱাদেৱৰ নিজৰ ঘৰ হৈ পৰিছিল । তেওঁলোকৰ আদৰ, যত্ন আৰু মৰমে বেজবৰুৱাদেৱৰ জয়ঁ পৰা জীৱনটোত জীপ দি ঠন ধৰায় উঠাইছিল ।




(ঙ) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ।


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ হ’লঃ


(ক) গুৱাহাটীৰ প্রাকৃতিক সৌন্দৰ্য,


(খ) ঐতিহাসিক উৎকর্ষ আৰু


(গ) প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমা


 


(চ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় চুটিগল্পৰ জনক বুলি কোৱা হয়?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া চুটিগল্পৰ জনক । তেখেতৰ হাততেই অসমীয়া চুটিগল্পৰ শুভাৰম্ভ ঘটি বিকাশৰ যাত্রাৰ সূচনা হয় । ‘জোনাকী’ আলোচনীৰ পাতত তেখেতৰ দ্বাৰা ৰচিত প্রথমটো চুটিগল্পৰ নাম ‘সেউতী’ । ‘জোনবিৰি’, ‘সাধুকথাৰ কুঁকি’, ‘সুৰভি’, ‘কেহোকলি’ আদি বেজবৰুৱাৰ চুটীগল্পৰ পুথি । অসমীয়া সাহিত্যত পোনপ্রথমে চুটিগল্প লিখি পাঠকক ইয়াৰ বিমল সোৱাদ প্রদান কৰোৱাৰ বাবেই বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয় ।


 


(ছ) লক্ষ্মীনাথ বেজবৰুৱাক কিয় ‘সাহিত্যৰথী’ বোলা হয়?


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ওসমীয়া সাহিত্যৰ ইতিহাসত এজন পুৰোধা ব্যক্তি । অসমীয়া সাহিত্যৰ গতি স্তিমিত হোৱাৰ ক্ষণতে বেজবৰুৱাই অসমীয়া সাহিত্যৰ কাণ্ডাৰী ৰূপেৰে কবিতা, নাটক, উপন্যাস, চুটিগল্প, প্রবন্ধ, হাস্য-ব্যংগ ৰচনা, জীৱনী, আত্মজীৱনী, তত্ত্বমূলক গ্রন্থ আদি সাহিত্যৰ সকলো দিশতে অনবদ্য অৱদান আগবঢ়াই অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে । নিমজ শৈলীৰে ৰচিত তেখেতৰ প্রতিটো সৃষ্টি সাহিত্যিক সৌন্দৰ্যৰ দিশৰপৰা স্বকীয় স্থানত অধিষ্ঠিত হৈ আছে । সাহিত্যৰ প্রতিটো ক্ষেত্রত আগবঢ়োৱা এনে উল্লেখযোগ্য অৱদানৰ বাবেই লক্ষ্মীনাথ বেজবৰুৱাক ‘সাহিত্যৰথী’ উপাধিৰে বিভূষিত কৰা হয় ।


 


(জ) জোনাকী যুগৰ ত্রিমূৰ্ত্তি বুলিলে কাক কাক বুজায়?


উত্তৰঃ জোনাকী যুগৰ ত্রিমূৰ্ত্তি বুলিলে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্রকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গোস্বামীক বুজোৱা হয় ।


 


(ঝ) বেজবৰুৱাক কিয় ৰসৰাজ আখ্যা দিয়া হয়?


উত্তৰঃ সাহিত্যৰ প্রতিটো ৰূপকৰ্ম, যেনেঃ গল্প, কবিতা, উপন্যাস, নাটক, আত্মজীৱনী আদিৰ লগতে বিশেষ একশ্রেণী হাস্য-ব্যংগ গদ্য ৰচনা কৰি বেজবৰুৱাই অসমীয়া সাহিত্য সমৃদ্ধ কৰিছে । তেখেতৰ দ্বাৰা ৰচিত এই হাস্য-ব্যংগ ৰচনাসমূহ হ’লঃ- ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’, ‘বৰবৰুৱাৰ বুলনি’, ‘বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি’ আদি । এই হাস্য-ব্যংগ ৰচনাসমূহে অসমীয়া পাঠকক হাস্যৰসৰ বিমল ৰস পান কৰোৱাই পেটৰ নাড়ী ডাল ডাল কৰিছিল । ইয়াৰ মূলতে আছিল তেখেতৰ ৰচনাৰ নিমজ গদ্যশৈলী তথা উপস্থাপন ৰীতি । কেৱল হাস্যৰস প্রদানেই নহয় অসমীয়া সমাজৰ প্রতিটো ভুল-ক্রুটী শুদ্ধৰণিৰ বাবে তেখেতৰ সাহিত্যৰাজি আছিল সমাজৰ অতন্দ্র প্রহৰীস্বৰূপ । হাস্যৰসৰ চলেৰে তীক্ষ্ণ বাক্যবান আৰু কটাক্ষপাতেৰে বেজবৰুৱাই অসমীয়া সমাজৰ শুদ্ধৰণিৰ চেষ্টা কৰিছিল সাহিত্যৰ মাজত প্রকাশ পোৱা হাস্যৰসৰ এনে বৈশিষ্ট্যৰ বাবেই বেজবৰুৱাক ‘ৰসৰাজ’ আখ্যা দিয়া হয় ।


 


(ঞ) তলৰ শব্দকেইটাৰ অর্থ লিখা ।


উত্তৰঃ মাথাপোট- কর্মৰ প্রতি অৱহেলাৰ ফলত ওপজা দুঃচিন্তা ।


     ফৰিয়াদ- গোচৰ, অভিযোগ


     গজপাত- অভিশাপ, শাওপাত


     ঘুঘুয়া- অলপীয়া, অলপকৈ হোৱা


     ভেৰোণ- ভাৰা, কেৰেয়া


     সঁচাৰকাঠী- চাবি


 


দীঘলীয়া প্রশ্ন (আৰ্হি নং ১) (LA Type-I) –    মূল্যাংকঃ ৪




(ক) ‘পানী মে মীন পিয়াসী । মোক শুনত শুনত লাগে হাসি’ ।- এই পদফাঁকি কাৰ ৰচনা? বেজবৰুৱাই কি প্রসংগত ইয়াৰ অৱতাৰণা কৰিছে, বুজাই লিখা ।


উত্তৰঃ মহাত্মা কবীৰে এই পদফাঁকি ৰচনা কৰিছিল ।


     পানীত থাকিও মাছ তৃষ্ণাতুৰ হৈ থকাৰ দৰেই শাওপাতত বা বিধিৰ বিপাকত পৰিহে বেজবৰুৱা বহু বছৰ ধৰি মাতৃভূমিলৈ উভতি আহিব পৰা নাছিল । বিধিৰ বিপাকত পৰিলে এডিঙি পানীত থকা মানুহেও পিয়াহত শুকাই মৰে । মাতৃভূমিৰ প্রতি থকা গভীৰ আন্তৰিকতাইও বেজবৰুৱাক শাওপাতৰ বাবেই অসমলৈ ঘূৰাই আনিব পৰা নাছিল । এই প্রসংগতেই সেয়ে তেখেতে এই পদফাঁকি অৱতাৰণা কৰিছে ।




(খ) ‘যথা নিযুক্তোহস্মি তথা কৰোমি’।– এই পদফাঁকি কোনে ক’ত কি প্রসংগত অৱতাৰণা কৰিছে, বুজাই লিখা ।


উত্তৰঃ যেতিয়া বেজবৰুৱাদেৱে গুৱাহাটী আহি পালে, তেতিয়া কটন কলেজৰ ছাত্রসকলে তেখেতক আদৰিবলৈ এখন সভা আহ্বান কৰিছিল আৰু তেওঁক উষ্ম আদৰণি জনাইছিল। ডেকা ছাত্রসকলৰ মনত কি উৎসাহ, কি আনন্দ । বেজবৰুৱাদেৱে গাত মেলেৰীয়া জ্বৰ লৈও সভাত উপস্থিত থাকি আনন্দ অনুভৱ কৰিছিল । কাৰণ কটন কলেজৰ ছাত্র বন্ধুসকলৰ সমাদৰ আৰু অনুৰোধ অমান্য কৰাৰ ইচ্ছা তিলমানো নাছিল । সেয়েহে বেজবৰুৱাই ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত উক্ত পদফাঁকি অৱতাৰণা কৰিছে ।




(গ) ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষত পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্রেম কিদৰে প্রকাশ পাইছে চমুকৈ আলোচনা কৰা ।


উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে মাতৃভূমি অসমৰ বাহিৰত, কলকতা আৰু সম্বলপুৰত আছিল । কৰ্ম-ব্যস্ততাৰ কাৰণে তেওঁ ত্রিশ-চল্লিছ বছৰ ধৰি ঘৰলৈ (মাতৃভূমি অসমলৈ) আহিব পৰা নাছিল । অৱশেষত ১৯৩০ খ্রীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰ তাৰিখে সম্বলপুৰৰ পৰা অসমলৈ বুলি যাত্রা আৰম্ভ কৰিছিল । লগত খোৱা বস্তু নিনিয়া কাৰণে আৰু ৰে’লত খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰা কাৰণে পৰিয়াল সহ লেখকে ভোকে যাত্রা কৰিবলগীয়া হৈছিল । কিন্ত জাতিপ্রেম এৰিব নোৱাৰি বিশ তাৰিখে লঘুণে-ভুকে মাতৃভূমি পাইছিল । কষ্টকৰ ৰেলযাত্রা কৰি বেজবৰুৱা শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল যদিও ‘মাতৃমুখ’ দৰ্শন কৰি অৰ্থাৎ অসম ভূমিত পদাৰ্পণ কৰি আনন্দিত হৈ পৰিছিল ।


     বেজবৰুৱাদেৱে অসমৰ প্রাকৃতিক সৌন্দৰ্য, ঐতিহাসিক উৎকৰ্ষ আৰু প্রাচীন জ্ঞান-গৌৰৱৰ গৰিমাৰ কথা কৈ বৰ ভাল পাইছিল । ডিব্রুগড় চহৰৰ প্রগতি দেখি, ডিব্রুগড়ৰ তিৰোতাসকল শিক্ষিত আৰু ৰাজহুৱা কামত আগৰণুৱা হোৱা দেখি বেজবৰুৱাদেৱ অতি আনন্দিত হৈ পৰিছিল । ডিব্রুগড়ৰ ডেকাসকলৰ নাট-চৰ্চা, রংগশালৰ গীত-মাত আদিৰ পৰিবেশন দেখি তেওঁৰ মন উৎফুল্লিত হৈ পৰিছিল । মঞ্চত অসমীয়া মৌলিক নাটকৰ উপৰিও ডেকা নাট্যকাৰসকলৰ বিদেশী নাটকৰ অনূদিত অভিনীত অনুবাদত বেজবৰুৱাদেৱে নিজকে গৌৰৱ অনুভৱ কৰিছে । চাৰি অসমীয়া ছাত্র-সাহিত্যিকৰ সমাবেশত শ্বেক্সপীয়েৰৰ ‘Comedy of Errors’ অসমীয়ালৈ অনুবাদ ককৰি ‘ভ্রমরংগ’ (১৮৮৮)ৰ নিভাঁজ অসমীয়া অনুবাদত লেখকে অতিকৈ সন্তুষ্ট হৈছে ।  


     এইদৰে, ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষত পাঠটিত লেখকৰ অন্তৰৰ জাতিপ্রেম সুন্দৰভাৱে প্রকাশ পাইছে । 




(ঘ) প্রবাসী লেখক লক্ষ্মীনাথ বেজবৰুৱাই কি কাৰণে সুদীৰ্ঘ কাল জন্মস্থান অসমলৈ ওভতিব পৰা নাছিল, বুজাই লিখা ।


উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মসূত্রে বহু বছৰ ধৰি মাতৃভূমি অসমৰ বাহিৰত আছিল । প্রথমতে তেওঁ কলকাতাত তেওঁৰ বন্ধু ভোলানাথ বৰুৱাৰ লগ লাগি কাঠৰ কাৰবাৰ কৰিছিল যদিও পাছত স্বতন্তৰীয়াভাৱে সেই ব্যৱসায়ত লাগে । কিন্তু প্রথম মহাযুদ্ধৰ প্রকোপত তেওঁৰ ব্যৱসায় পৰি যায় । পাছত, ১৯১৬ চনত তেওঁ কাঠৰ ব্যৱসায় কৰা ‘বাৰ্ড কোম্পানী’ৰ চাকৰিত যোগদান কৰে । কোম্পানীৰ কলকতাৰ কাৰ্যালয়ত এবছৰ কাম কৰাৰ পাছত কোম্পানীয়ে তেওঁক উৰিষ্যাৰ সম্বলপুৰত থকা ফাৰ্মলৈ পঠিয়ায় । ১৯১৭ চনৰ ছেপ্তেম্বৰ মাহত তেওঁ সম্বলপুৰলৈ যায় আৰু বাৰ্ড কোম্পানীৰ ফাৰ্মৰ ‘মেনেজাৰ’ৰ কামত যোগদান কৰে ।  


     অৱশেষত, দুৰ্গা পূজাৰ বন্ধত ৰে’ল কোম্পানীয়ে যাত্রীক ভেৰোণৰ সুবিধা কৰি দিয়া সুবিধাকে লৈ ১৯৩০ খ্রীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰত অসমলৈ বুলি যাত্রা কৰি সম্বলপুৰ এৰিবলৈ সক্ষম হৈছিল আৰু বাইশ তাৰিখে অৰ্থাৎ ২২ ছেপ্তেম্বৰত তেওঁ গুৱাহাটীত অথবা জন্মস্থান অসমলৈ ওভতিব আহিবলৈ সক্ষম হৈছিল ।


 


(ঙ) ডিব্রুগড়ৰ থিয়েটাৰ বা রংগশালৰ বিষয়ে লক্ষ্মীনাথ বেজবৰুৱাই কেনে মনোভাব প্রকাশ কৰিছে, পাঠটিৰ আধাৰত বুজাই লিখা ।


উত্তৰঃ ডিব্রুগড়ৰ থিয়েটাৰ বা রংগশালৰ বিষয়ে বেজবৰুৱাদেৱৰ উৎকণ্ঠাৰ অন্ত নাই । সেই রংগশাল নির্মাণ কৰি তাত সভা-সমিতি, থিয়েটাৰ, যাত্রা, গান, ভাওনা অনুষ্ঠত কৰিছিল । থিয়টাৰৰ চিত্রপটবোৰ অসমীয়া চিত্রবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্রবিদসকলতকৈ কোনো গুণে হীন নাছিল । এনে ক্ষেত্রত পেইন্টিং আৰু ফটোগ্রাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল’বলগীয়া । ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল । এইসমূহৰ সাজ-সজ্জা, চিত্রপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বিশেষ কৃতিত্ব দেখা যায় ।


 ডিব্রুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ রংগশালত প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ নিয়াব পৰা প্রক্রিয়াটো সঁচাকৈ শলাগিবলগীয়া । বেজবৰুৱাই এই ক্ষেত্রত সবল প্রতিক্রিয়া দাঙি ধৰিছে । এনেদৰে ডিব্রুগড়ৰ অভূতপূর্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষিত কৰিছিল ।


 


 


দীঘলীয়া প্রশ্ন (আৰ্হি নং ২) (LA Type-II) –                   মূল্যাংক-৫


 (ক) ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ আধাৰত লেখক লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্রাৰ এটি চমু বিৱৰণ আগবঢ়োৱা ।


উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত বেজবৰুৱাদেৱে সূদূৰ সম্বল্পুৰৰ পৰা গুৱাহাটিলৈ কৰা ৰেল যাত্রাৰ এক বিচিত্র বিৱৰণ দাঙি ধৰিছে ।


     ১৯৩০ খ্রীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰত কোম্পানীৰ ভাড়া ৰেলগাড়ীত বেজবৰুৱাই পৰিবাৰ প্রজ্ঞাসুন্দৰী দেৱী আৰু সৰু জীৰ সৈতে উভতনি যাত্রা আৰম্ভ কৰিলে । সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা এই দীঘলীয়া যাত্রাত তেওঁলোক বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হৈছিল । বেংগল-নাগপুৰ ৰেলৰ ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা প্রায় ৩১ মাইল দূৰত । গধূলি চাৰে পাঁচ বজাত সম্বল্পুৰত ৰালত উঠি দুঘন্টামানৰ মূৰত ঝাৰচোগোড়া পোৱাগৈ যায় । তাতে চাৰে সাত বজাত কলিকতাৰ ফালে যোৱা বোম্বাই মেইল গাড়ীখন উঠিব লাগে । কিন্তু দুৰ্ভাগ্যবশতঃ সেইদিনা তেওঁলোক গৈ পোৱাৰ আগতে বোম্বাই মেইল গাড়ীখন এৰিলে । ফলত তেওঁলোক ষ্টেশ্যনতে পৰিৰ’বলগীয়া হ’ল। শেষত ৰাতি দুই বা তিনি বজাত এখন পেছেঞ্জাৰ গাড়ী ঝাৰচোগোড়াৰ পৰা কলিকতালৈ যায় । সেইখনতে তেওঁলোক উঠিল আৰু পিছদিনা আঠমান বজাত কলিকতা পায়গৈ । ডাঙৰ কথাতো হ’ল তেওঁলোক বাটত খাবলৈ একোৱেই নিয়া নাছিল । ষ্টেশ্যনত বিক্রী কৰা কচুৰি, শিঙৰা কিনি লৈ ভোক নিবাৰণ কৰিবলগা হ’ল । দিনে চাৰিসাজকৈ খোৱাৰ অভ্যাস থকা বেজবৰুৱা আৰু তেওঁৰ সহযাত্রী পত্নী তথা জী বৰ বিপদত পৰিল । তদুপৰি পেচেঞ্জাৰ গাড়ীত ডাইনিং কাৰ নাথাকে । গাৰ্ডক লৈ বেজবৰুৱাদেৱে খৰগপুৰ আৰু চক্রধৰপুৰ ৰিফ্রেছমেন্ট ৰোমৰ মেনেজাৰলৈ টেলিগ্রাম কৰি জনালে অলপ আহাৰৰ আয়োজন কৰি থ’বলৈ । কিন্তু তাৰ কোনো উত্তৰ নাপালে ভোকে-ভাগৰে তেওঁলোক কলিকতা পালেগৈ । কলিকতাত ভাত খাই পেটক প্রবোধ দি মহানুৰৰ এঠাইৰ এটি ঘৰত শুই থাকে । পিছদিনা কলিকতাৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা গুৱাহাটীলৈ বুলি যাত্রা আৰম্ভ কৰে । বাটত তেওঁলোকক মগনিয়াৰবিলাকে বোৰ আমনি কৰিছিল । দ্বিতীয় শ্রেণীৰ আন কোঠালি নথকাত সকলো যাত্রী একেটা শ্রেণীৰ ডবাতে উঠিবলগীয়াত পৰিছিল । বাটত ৰুগীয়া ল’ৰা এটা লৈ মাক-বাপেক আৰু দুই-তিনিজনমান মানুহে কোঠালিটো ভৰাই পেলাইছিল । ৰোগীয়ে ঠাণ্ডা পাব বুলি ডবাৰ দুৱাৰ-খিৰিকীবোৰ মাৰি দিয়াত ডবাটো দুৰ্গন্ধৰে ভৰি পৰিছিল । তেওঁলোকে বোৰ অস্থিৰ পৰিৱেশত আহিবলগীয়া হ’ল । একৈশ ছেপ্তেম্বৰ তাৰিখে শিয়ালদহ ষ্টেশ্যন এৰা ৰেলগাড়ীখন আহি তেওঁলোক বাইশ তাৰিখে গুৱাহাটীত উপস্থিত হয়হি । এনেদৰে তিতা-মিঠা অভিজ্ঞতা আৰু কষ্টৰ মাজেৰে বেজবৰুৱাদেৱৰ সম্বলপুৰৰ পৰা গুৱাহাটীলৈ অহা যাত্রা সফল হ’ল ।


 


(খ) ‘মোৰ মাতৃমুখ দর্শন’ শীৰ্ষক পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকর্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত বুজাই লিখা ।


উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক প্রবন্ধটিত সুদূৰ সম্বলপুৰৰ অসমলৈ ঘূৰি আহিব নোৱাৰাৰ প্রসংগত লিখকে মহাদেৱৰ কৃষিকর্মৰ বৰ্ণনা এটি সুন্দৰ ৰূপত তুলি ধৰিছে ।


     কর্মসূত্রে বেজবৰুৱাদেৱ সুদীর্ঘ ডেৰকুৰি-দুকুৰি বছৰ উৰিষ্যাৰ সম্বলপুৰত আছিল । বেজবৰুৱাদেৱৰ ডিব্রুগড়স্থিত মাজু জীয়েক-জোঁৱাইক দেউতাকক বাৰম্বাৰ কাকূতি-মিনতি কৰে এবাৰ ডিব্রুগড়লৈ আহি যাবলৈ । বিভিন্ন সমস্যাত পৰি তেওঁ আজি যাম, কাইলৈ যাম বুলিও প্রায় দুবছৰ ধৰি আহিব পৰা নাছিল । অৱশেষত তেওঁলোকে বেজবৰুৱাদেৱৰ ওচৰত ৰোহ পাতিলে । যেনেকৈ মহাদেৱে পার্বতীৰ ওচৰত ঠেহ পাতিছিল । ঘটনাটো আছিল এনেধৰণৰ-


তাহানি হেনো এদিন পার্বতীয়ে মহাদেৱক ধিক্কাৰ দি কৈছিল যে মহাদেৱে ভাং-ধতুৰা খাই বহি থাকে, গৃহস্থৰ কাম-কাজ একো নকৰে । আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ-পানী খাই নোদোকাটো হৈ পৰিছে, তাৰে হাল বাই খেতি-বাতি কৰি এগাল ধানকে নাৰ্জে কিয়? ঘৈণীয়েকৰ ককৰ্থনা শুনি মহাদেৱৰ বোৰ বেজাৰ লাগিল । তেওঁ তেতিয়াই খেতি কৰিবলৈ যাবলৈ দৃঢ় সংকল্প কৰি বৃষভটোৰ ওপৰত উঠি টুকটুক কৰে গৈ খেতি কৰিবলৈ লাগিল । তেখেত হ‘ল দেৱাদিদেৱ মহাদেৱ, তেখেতে খেতিত ধৰিলে আৰু ৰাখে কোনে? খেতি উভৈনদী হ’ল । তেওঁৰ খাৱন-শোৱন গুছিল । আনকি ঘৰলৈ আহবলৈকো পাহৰিলে । পার্বতীয়ে দেখিলে, মহামস্কিলখন হ’ল । গিৰীয়েক অকৰা মৈত উঠি ননমাই হ’ল । গিৰীয়েকক মাতি আনিবলৈ পার্বতীয়ে প্রথমতে নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে মানুহ পঠিয়াইহে পঠিয়ায়, গিৰীয়েক নাহে । উপায় নাপাই পার্বতীয়ে মহর্ষি নাৰদক ধৰিলে । নাৰদে উভতি আহি ক’লে যে মহাদেৱে কাৰো কথা নুশুনে আৰু কোনো তেওঁঅৰ ওচৰ চাপিবকে নোৱাৰে । তাৰ পিছত অনেক ভাবি-চিন্তি পার্বতীয়ে অসংখ্য ডাঁহ-মহ, চেৰেপা চৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে । তাৰ পিছতো মহাদেৱ নহাত হাহা হুহু নামৰ মানস পুত্র দুটা চৰ্জি পঠিয়ালে । কাহিনীত হাহা হুহুৱে মহাদেৱক উভতাই আনিব পাৰিলেনে নোৱাৰিলে এই কথা স্পষ্ট নহয়, কিন্তু পার্বতীৰ দৰে আকোৰগোজকৈ লাগি থকা বেজবৰুৱাদেৱৰ মাজু জীয়েকে বেজবৰুৱাদেৱক অনতিপলমে ডিব্রুগড় পোৱালেহি । এনেদৰে বেজবৰুৱাদেৱে মহাদেৱৰ কৃষিকর্মৰ প্রসংগ উত্থাপন কৰি তেওঁ অসমলৈ উভতি অহাৰ কাৰণ ব্যাখ্যা কৰিছে ।


 


(গ) হাহা হুহু কোন আছিল? তেওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা ।


উত্তৰঃ হাহা হুহু আছিল দেৱী পার্বতীৰ মানস পুত্র । পার্বতীয়ে হাহা হুহুক সৃষ্টি কৰি মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল । এবাৰ পার্বতীয়ে মহাদেৱক বোৰ ককৰ্থনা কৰিছিল যে মহাদেৱে ঘৰত কাম-কাজ নকৰি কেৱল ভাং-ধতুৰা খাই ঘূৰি ফুৰে । পার্বতীৰ ককৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে বৃষভৰ পিঠিত উঠি তেতিয়াই গৈ খেতিত লাগি পৰিল । দেৱাদিদেৱ মহাদেৱৰ খেতি অতি কম দিনৰ ভিতৰতে নদন-বদন হ’ল আৰু কৃষি এৰি মহাদেৱ ঘৰলৈ উভতি নহা হ’ল । কথা বিষম দেখি পার্বতীয়ে নন্দী-ভৃংগীকে ধৰি বহুজনকে মহেদেৱক ঘৰলৈ উভতাই আনিবলৈ পঠিয়াই ব্যর্থ হ’ল । পথাৰক মহেদেৱক আমনি কৰিবলৈ ডাঁহ, মহ, চেৰেপা এসোপা সৃষ্টি কৰিও কামত নাহিল । শেষত পার্বতীয়ে হাহা আৰু হুহু নামৰ মানস পুত্র দুজনক সৃষ্টি কৰি খেতি-পথাৰলৈ পঠাই দিছিল ।


 


(ঘ) ‘ডিব্রুগড়ত গোটাচেৰেক কঠাই মোক বৰ সন্তোষ দিছিল ।’- ডিব্রুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ।


উত্তৰঃ সুদীর্ঘ কাল উৰিষ্যাৰ সম্বল্পুৰত কটোৱাৰ পিছত বেজবৰুৱাদেৱ অসমলৈ উভতি আহে আৰু উভতি আহিয়েই ডিব্রুগড়ৰ মানুহৰ বিৰাট পৰিৱৰ্তন লক্ষ্য কৰে । যিবিলাক কথাই বেজবৰুৱাক সন্তোষিত কৰিছিল ।


     প্রথমতে, ডিব্রুগড় অসমীয়া তিৰোতাসকলৰ গঢ়-গতি আৰু কাৰ্যকলাপ দেখি আনন্দিত হৈছিল । তেওঁলোক আগৰ দিনৰ চুকৰ ভেকুলীসদৃশ জীয়ৰী-বোৱাৰীৰ শাৰীত নাই । শিক্ষা-দীক্ষা, ৰাজহুৱা কাৰ্যাদি সকলোতে পুৰুষৰ সমকক্ষ হৈ তেওঁলোক আগবাঢ়ি গৈছে । ৰক্ষণশীল সমাজে তেওঁলোকৰ ভৰিত পিন্ধোৱা শিকলি ছিঙি প্রগতিৰ পথত আগবাঢ়িছে । আনকি দেশৰ সেৱাত শামুকখুজীয়া পুৰুষতকৈও বেছিকৈ আগবাঢ়িছে বুলি ক’লেও বঢ়াই কোৱা নহয় । মাজতে বিমোৰ অৱস্থাত পৰি অসমীয়া তিৰোতা-শিপিনীসকলে তেওঁলোকৰ অংগৰ ভূষণ বোৱা-কটা পৰিহাৰ কৰিছিল । যদিও ডিবৰুপৰীয়া নতুন তৰপৰ মহিলাসকলে তাক আকৌ আদৰেৰে তুলি লৈছে । ওৰণিৰ সৰ্বগ্রাহী গ্রহণৰ পৰা বিমুক্ত হৈ পৰিছে আৰু পুৰুষৰ লগত সভা-সমিতিত একে শাৰীতে বহি নিজৰ স্বাধীন মতামত প্রকাশ কৰিছে । তেনে করোঁতে তেওঁলোকৰ স্ত্রীসুলভ গাম্ভীৰ্য আৰু কমনীয়তা কমা নাই । দুই-এজনাই সভাত উঠি এনে সুন্দৰকৈ বক্তৃতা প্রদান কৰিছে যে অনেক পুৰুষ বক্তাকো সেই বিষয়ত চেৰ পেলাইছে ।


     দ্বিতীয়তে, ৰামমোহন ৰায় স্মৃতি সভাত শ্রীমতী যোগদা দেৱীয়ে অনগৰ্লভাৱে যি বক্তৃতা দিলে তাকে শুনি বেজবৰুৱাদেৱ পুলকিত হৈ পৰিছিল । তাৰোপৰি ডিব্রুগড় বালিকে স্কুলৰ প্রধান শিক্ষয়িত্রী শ্রীমতী গৌৰীপ্রভা চলিহাই একুৰিমান ছাত্রী লগত লৈ তেওঁক কৰা সম্ভাষণ তেওঁ কেতিয়াও পাহৰিব নোৱাৰে । বেজবৰুৱাদেৱ তেওঁলোকৰ স্কুললৈ যাওঁতে ৰূপৰ বটা এটিত যি সম্ভাষণপত্র তেওঁক প্রদান কৰিছিল । তাকে দেখি তেওঁ আপ্লুত হৈছিল । ডিব্রুগড়ত সভ্রান্ত্র মহিলাসকলৰ সভাতো যিখন অভিনন্দন পত্র মুগাৰ কাপোৰৰ ওপৰৰ ছপাই দিছিল, সেইখন বেজবৰুৱাদেৱে গোটেই জীৱন ৰখাৰ প্রতিশ্রুতি দিছিল ।


     তৃতীয়তে, ডিব্রুগড়ত থিয়েটাৰ অর্থাৎ রংগশালৰ বিষয়ে বেজবৰুৱাদেৱৰ উৎকণ্ঠাৰ অন্ত নাই । সেই রংগশাল নির্মাণ কৰি তাত সভা-সমিতি, থিয়েটাৰ, যাত্রা, গান, ভাওনা অনুষ্ঠত কৰিছিল । থিয়টাৰৰ চিত্রপটবোৰ অসমীয়া চিত্রবিদ ডেকাসকলৰ দ্বাৰাই অংকন কৰা হৈছিল, যিবোৰ কলিকতাৰ নিপুণ চিত্রবিদসকলতকৈ কোনো গুণে হীন নাছিল । এনে ক্ষেত্রত পেইন্টিং আৰু ফটোগ্রাফীত মুক্তানাথ বৰদলৈৰ কৃতিত্ব লেখত ল’বলগীয়া । ডেকাসকলে পূজাৰ সময়ত কেইবাখনো নাট অভিনয় কৰিছিল । এইসমূহৰ সাজ-সজ্জা, চিত্রপট, ভাৱপূৰ্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত বিশেষ কৃতিত্ব দেখা যায় ।


     চতুর্থতে, ডিব্রুগড়ীয়া ডেকাসকলৰ যত্নত অসমীয়া নাট মঞ্চস্থ কৰাৰ লগতে বিদেশী নাট অসমীয়ালৈ ভাঙনি কৰি অসমৰ রংগশালত প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ নিয়াব পৰা প্রক্রিয়াটো সঁচাকৈ শলাগিবলগীয়া । বেজবৰুৱাই এই ক্ষেত্রত সবল প্রতিক্রিয়া দাঙি ধৰিছে । এনেদৰে ডিব্রুগড়ৰ অভূতপূর্ব পৰিৱৰ্তনে বেজবৰুৱাক বিশেষভাৱে সন্তোষিত কৰিছিল ।


 


(ঙ) লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত, বুজাই লিখা ।


উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই বিদেশী নাটকৰ অসমীয়া অনুবাদ জীণ যোৱা বিধৰ হ’ব লাগে বুলি কৈছে ।


     অসমত বিদেশি নাটক অসমীয়ালৈ ভাঙি অসমীয়া রংগশালত অভিনয় কৰাটো অনেক মানি নলয় । বেজবৰুৱাদেৱ এই ক্ষেত্রত বিৰোধী । অৱশ্যে তাৰ অনুবাদ প্রকৃত অসমীয়া অনুবাদ হৈ অসমীয়াৰ পেটত জীণ যোৱাবিধৰ হ’ব লাগিব । ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাৱ-সম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা, যদি সেই ভাৱ-সম্পদক বাৰে বঙলুৱা অসমীয়া নকৰি আচল অসমীয়া কৰি দিয়া যায় । ভাৰতৰ নানা ঠাইৰ পৰা মানুহ আহি অসমত বসতি কৰিছে । যদি সেইবোৰে অসমক সৰ্বতোভাৱে বৰণ কৰি অসমীয়া হৈ যায় । তাৰ দ্বাৰা অসমৰ আপদ নাবাঢ়ি সম্পদহে বাঢ়িব । এনে এক গঢ়েৰেই পুৰণি কালৰ পৰা অসম পৰিপুষ্ট হৈ আহিছে । এটা সময়ত কলিকতাৰ প্রবাসী অসমীয়া ছাত্রই লগ লাগি শ্বেক্সপীয়েৰৰ Comedy of Errors অসমীয়ালৈ ভাঙি ‘ভ্রমরংগ’ নাম দি অভিনয় কৰিছিল । তাত অসমীয়া অনুবাদকৰ ছাঁইয়া নিশ্চিতভাৱে পৰিছিল, যিয়ে নাটকখনি অধিক মোহনীয় কৰি তুলিছিল । বেজবৰুৱাদেৱৰ মতে এতিয়াও উঠি অহা ডেকাসকলে তেনে গঢ়েৰে বিদেশী নাট অসমীয়ালৈ ভাঙি তাক অসমীয়া সাজপাৰ পিন্ধাই অসমীয়া রংগশালত তুলি দিলে তাত আপত্তি কৰিবলগীয়া বিশেষ স্থল একো নাথাকিব ।





আনন্দৰাম বৰুৱা

অতি চমু প্রশ্ন (VSA) – মূল্যাংকঃ ১ (ক) উপেন্দ্র চন্দ্র লেখাৰুৱে শিক্ষা সমাপন কৰি কোনখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিবলৈ লৈছিল? উত্তৰঃ...